পাকিস্তানৰ প্ৰৰোচনামূলক ব্যৱস্থাৰ পাছত ভাৰতে সিন্দুৰ অভিযানৰ জৰিয়তে ইছলামাবাদত আক্রমনাত্মক আৰু প্ৰতিৰক্ষা সামৰ্থৰ বিৰুদ্ধে চলোৱা আক্ৰমণত দেশখনৰ ব্যাপক ক্ষয় ক্ষতি হৈছে। নতুন দিল্লীত কিছুসময় পূর্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত স্থলসেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয় যে সশস্ত্র বাহিনীয়ে পাকিস্তানক আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষা সামর্থ ধ্বংস কৰিছে। তেওঁ কয় যে ভাৰতীয় অভিযানত অকল সন্ত্রাসবাদীৰ ঘাটি আৰু ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা সুবিধাসমূহ লণ্য কৰি লোৱা হৈছে। ভাৰতীয় সশস্ত্র বাহিনীয়ে কোনো ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। কর্ণেল কুৰেশ্বিয়ে কয় যে পাকিস্তানে জে এফ 17 সহায়ত এছ-400 প্ৰতিৰক্ষা প্ৰণালী আৰু ব্ৰহ্মছ মিছাইল ঘাটিৰ ক্ষতি সাধন কৰা বুলি কৰা দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন। চিৰচা, জম্মু, পাঠানকোট, ভাতিন্দা, নালিয়া আৰু ভূজত ক্ষতিসাধন কৰা বুলি চলোৱা প্ৰচাৰো সম্পূৰ্ণৰূপে মিছা বুলি তেওঁ উল্লেখ কৰে। কর্ণেল কুৰেশ্বিয়ে কয় যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু সেনা বাহিনী সাংবিধানিক প্ৰমূল্যৰাজি সুন্দৰ নিদৰ্শন। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয় যে ভাৰতীয় সেনাই মছজিদৰ ক্ষতিসাধন কৰা বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ ভূৱা আৰু ভিত্তিহীন।
Site Admin | May 10, 2025 7:46 PM | pakistan attack
পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা আক্ৰমণত ব্যাপক ক্ষতি
