ডাউনলোড
মোবাইল এপ

android apple
signal

পাকিস্তানৰ ওপৰত সিন্দূৰ অভিযান এতিয়াও অব্যাহত আছে : ৰাজনাথ সিং

পাকিস্তানী সন্ত্রাসবাদীয়ে পেহেলগামত চলোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধকল্পে আৰম্ভ কৰা সিন্দূৰ অভিযান এতিয়াও অব্যাহত আছে বুলি কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰিছে। বিষয়টো সন্দৰ্ভত আজি সংসদ ভৱনত অনুষ্ঠিত এখন সর্বদলীয় বৈঠকত এই বিষয়ে জানিবলৈ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতৰ এই অভিযানত বৰ্তমানলৈ ১০০জনতকৈও অধিক পাকিস্তানী সন্ত্রাসবাদীয়ে প্ৰাণ হেৰুৱাইছে। ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলৰ অংশগ্রহণেৰে সম্প্ৰতি চলা থকা এই বৈঠকত চৰকাৰে এই অভিযানৰ বিষয়ে সকলোকে অৱগত কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ লগতে গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, ৰাজ্যসভাৰ নেতা তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গে, লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, সমাজবাদী পাৰ্টীৰ নেতা ৰামগোপাল যাদৱ, তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ বন্দোপাধ্যায়, ডি এম কে নেতা টি আৰ বালু, এল জি পি নেতা তথা কেন্দ্রীয় মন্ত্ৰী চিৰাগ পাছোৱান, জে ডি ইউ নেতা সঞ্জয় ঝা, এন চি পি শাৰদ পাৱাৰ গোটৰ সুপ্রিয়া ছুলে আৰু শিৱসেনাৰ নেতা শ্রীকান্ত সিন্ধে বৈঠকত উপস্থিত আছে। বিভিন্ন দলৰ নেতাই দলীয় স্বাৰ্থৰ উৰ্ধলৈ গৈ সিন্দূৰ অভিযানক প্ৰশংসা কৰিছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সশস্ত্র বাহিনীসমূহে গ্ৰহণ কৰা ব্যৱস্থাক লৈ গৌৰৱ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বিৰোধী পক্ষই ইয়াৰ পূৰ্বে পেহেলগাম আক্ৰমণৰ পাছত চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাৰ প্ৰতি সমর্থন আগবঢ়াইছিল।

অধিক পঢ়ক

সকলো চাওক