● ৰে’ল মন্ত্রণালয়ে পশ্চিমবংগৰ নিউ কোচ বিহাৰৰ পৰা গোলকগঞ্জ আৰু গৌৰীপুৰ হৈ অভয়াপুৰীলৈ থকা ১৫২. ৩১ কিলোমিটাৰ ৰে’লপথৰ দ্বৈতকৰণৰ চূড়ান্ত জৰীপত অনুমোদন জনাইছে। প্রায় তিনি কোটি ৬৫ লাখ টকা ব্যয়েৰে চলাবলগীয়া এই স্থানভিত্তিক জৰীপ শীঘ্ৰেই আৰম্ভ হ’ব। বৰ্তমান এশাৰীয়া লাইনযুক্ত এই পথটো দ্বৈত ৰে’লপথ হৈ উঠিলে পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে’লপথ স্থাপন হ’ব। উল্লেখযোগ্য যে বঙাইগাঁৱৰ পৰা অভয়াপুৰী হৈ নৰনাৰায়ণ সেঁতুৰে কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে দ্বৈত ৰে’লপথ আৰু বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ হৈছে। গোলকগঞ্জ-গৌৰীপুৰ হৈ কোচবিহাৰলৈকে আনটো দ্বৈত ৰে’লপথ সম্পূৰ্ণ হৈ উঠিলে অসমৰ সৈতে দেশৰ বাকী অংশৰ দ্রুত ৰে’লসেৱা সম্ভৱ হৈ উঠিব।
ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে চূড়ান্ত স্থানভিত্তিক জৰীপত প্ৰস্তাৱিত ৰে’লপথটো যাবলগীয়া অঞ্চলৰ ভূ-প্রাকৃতিক অৱস্থা, ভূমিৰ গুণাগুণ আদি পৰীক্ষা কৰাৰ লগতে সম্ভাৱ্য দলং আৰু সুৰংগসমূহৰ দৰে অভিযান্ত্ৰিক দিশসমূহ অধ্যয়ন কৰা হয়। এই জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত ইয়াক ৰে’লৱে ব’ৰ্ড আৰু ৰে’ল মন্ত্ৰ্যালয়ৰ ওচৰত দাখিল কৰা হ’ব।
আনহাতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা বন্দে ভাৰত আৰু অমৃত ভাৰত এক্সপ্ৰেছৰ দৰে অত্যাধুনিক ৰে’লগাড়ীৰ চলাচলৰ সুবিধার্থে দুটা নতুন পিট লাইন নিৰ্মাণ কৰিছে। শিলচৰ আৰু আগৰতলাৰ সাংসদ দুগৰাকীয়ে ইতিমধ্যে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি শিলচৰ হৈ গুৱাহাটী আৰু আগৰতলাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ প্ৰৱৰ্তনৰ বাবে অনুৰোধ জনাইছে।