December 2, 2025 11:45 AM | ECI - West Bengal

printer

পশ্চিমবংগৰ ২,২০৮ টা বুথত প্রায় ১০০% গণনা প্ৰ-পত্র দাখিল হোৱা সন্দৰ্ভত বিশদ প্রতিবেদন বিচাৰিছে নিৰ্বাচন আয়োগে

দেশৰ নিৰ্বাচন আয়োগে পশ্চিমবংগৰ ২,২০৮ টা বুথত প্রায় ১০০ শতাংশ গণনা প্ৰ-পত্র দাখিল হোৱা সন্দৰ্ভত বিশদ প্রতিবেদন বিচাৰিছে। উল্লেখযোগ্য যে, এই বুথসমূহৰ পৰা এখনো সংগ্ৰহ কৰিবলৈ বাকী থকা প্ৰ-পত্ৰৰ প্ৰতিবেদন দিয়া হোৱা নাই, যিটো প্ৰায় অবাস্তৱ। সেয়ে, জিলা নির্বাচনী বিষয়াসকলক আজি পুৱা ১০ বজাৰ ভিতৰত এইক্ষেত্ৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যে, কিছুসংখ্যক ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত খণ্ড উন্নয়ন বিষয়াই মৃত ব্যক্তি, স্থানান্তৰিত হোৱা ব্যক্তি আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ নাম চলিত SIR অর্থাৎ ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিবলৈ বিএলঅ’সকলক তেওঁলোকৰ অ’টিপি শ্বেয়াৰ বা ভাগ বাটোৱাৰা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে।
ইপিনে, নির্বাচন আয়োগে নিযুক্তি দিয়া বিশেষ তালিকা পর্যবেক্ষক সুব্রত গুপ্তাই SIR প্ৰক্ৰিয়াৰ সৈতে জড়িত অভিযোগসমূহৰ সমাধানৰ বাবে জনসাধাৰণ, ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে। কালি, চিপিআই (এম) আৰু কংগ্ৰেছৰ সদস্যসকলে বিশেষ তালিকা পর্যবেক্ষকৰ সৈতে বৈঠকত মিলিত হৈ নিজৰ উদ্বেগ প্রকাশ কৰে৷