ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত সৃজনীশীল সাহিত্য বিষয়ক আলোচনাচক্র অনুষ্ঠিত

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আজি সৃজনীশীল সাহিত্য বিষয়ক এখন আলোচনাচক্র অনুষ্ঠিত হয়। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্য চৰ্চা আৰু বৌদ্ধিক অনুশীলনক অধিক গতিশীল কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশস্বৰূপে এই আলোচনাচক্র অনুষ্ঠিত হয়। প্রকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে, ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য আৰু গ্ৰন্থৰ প্ৰতি আস্থাশীল কৰি বৌদ্ধিক পৰিবেশক অধিক দৃঢ় কৰাৰ উদ্দেশ্যে বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰকাশ সাহিত্য গোট গঠন কৰা হৈছে। এই গোটসমূহৰ সহযোগত মহাবিদ্যালয় গ্রন্থমেলা, সৃষ্টিশীল সাহিত্যৰ কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে। আজিৰ এই আলোচনাচক্ৰত শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।