ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 30, 2024 7:48 PM | CBI NEET UG

printer

নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সন্দৰ্ভত অভিযুক্তক চি বি আইৰ জেৰা

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে আজি নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা অভিযোগ সন্দৰ্ভত অভিযুক্তক বিহাৰৰ পাটনাৰ বিউৰ মুখ্য কাৰাগাৰত জেৰা কৰে। এই সন্দৰ্ভত সংস্থাটোৱে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে জেৰা অব্যাহত ৰাখে। উল্লেখযোগ্য যে নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত চি বি আয়ে এতিয়ালৈ বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি সংস্থাটোৱে আন ১৩ গৰাকী অভিযুক্তক বিউৰ কাৰাগাৰত জেৰা কৰি আছে। এই লোক কেইজনক পূৰ্বে বিহাৰ আৰক্ষীৰ বিত্তীয় অপৰাধ গোটে গ্ৰেপ্তাৰ কৰিছিল। বিত্তীয় অপৰাধ গোটে যোৱা ২৪ জুনত গোচৰটো চি বি আইলৈ হস্তান্তৰ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।