July 21, 2024 12:18 PM

views 59

NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু তিনিজনক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰ সংক্ৰান্তত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৰাজস্থানৰ ভৰতপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুজন শিক্ষাৰ্থী আছে। সূত্ৰৰ পৰা জানিব পৰা মতে দুয়োজন অভিযুক্তক ৫ মে'ত অনুষ্ঠিত NEET-UG পৰীক্ষাৰ দিনা ঝাৰখণ্ডৰ হাজাৰিবাগত উপস্থিত আছিল। আনহাতে গ্ৰেপ্তাৰ কৰা তৃতীয়জন ব্যক্তি প্রশ্নকাকত ফাদিল কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰীসকলক সকলো ধৰণৰ স...

July 19, 2024 7:19 PM

views 30

নীট ইউজিৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ৰাঁচী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰবেশ পৰীক্ষা নীট ইউজিৰ প্ৰশ্ন কাকত ফাদিল গোচৰ সংক্ৰান্ত ৰাঁচী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ এগৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে। ব্যাপক জেৰাৰ অন্তত ৰাঁচি চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ২০২৩ বেটছৰ ছাত্ৰী সুৰভি কুমাৰী নামৰ ছাত্ৰীগৰাকী গ্ৰেপ্তাৰ কৰা হয় । চি বি আয়ে ছাত্ৰীগৰাকীৰ মোবাইল, লেপটপ আৰু অন্য বৈদ্যুতিক সঁজুলিসমূহ জব্দ কৰিছে। ঝাৰখণ্ডৰ ৰামগড় জিলাৰ বাসিন্দা সুৰভি কুমাৰীয়ে নীটৰ প্ৰশ...

July 12, 2024 9:41 AM

views 35

নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধীক গ্ৰেপ্তাৰ চিবিআইৰ

■ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ব্যক্তিজনক ১০ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন এজন মুখ্য ব্যক্তি সঞ্জীৱ মুখীয়াৰ সৈতে যোগসূত্র আছে। সঞ্জীৱ মুখীয়া ২ দশক ধৰি এই কেলেংকাৰীত জড়িত হৈ আছে আৰু পলাতক অৱস্থাত আছে। ৰকিক গ্রেপ্তাৰে চি বি আইক তদন্তত সহায় কৰিব। তদন্তকাৰী সংস্থাটোৱে এতিয়া...

June 30, 2024 7:48 PM

views 47

নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সন্দৰ্ভত অভিযুক্তক চি বি আইৰ জেৰা

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে আজি নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা অভিযোগ সন্দৰ্ভত অভিযুক্তক বিহাৰৰ পাটনাৰ বিউৰ মুখ্য কাৰাগাৰত জেৰা কৰে। এই সন্দৰ্ভত সংস্থাটোৱে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে জেৰা অব্যাহত ৰাখে। উল্লেখযোগ্য যে নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত চি বি আয়ে এতিয়ালৈ বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি সংস্থাটোৱে আন ১৩ গৰাকী অভিযুক্তক বিউৰ কাৰাগাৰত জেৰা কৰি আছে। এই লোক কেইজনক পূৰ্বে বিহাৰ আৰক্ষীৰ বিত্তীয় অপৰাধ গোটে গ্ৰেপ্তাৰ কৰিছিল। বিত্তী...