ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 19, 2024 7:19 PM | CBI NEET UG

printer

নীট ইউজিৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ৰাঁচী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰবেশ পৰীক্ষা নীট ইউজিৰ প্ৰশ্ন কাকত ফাদিল গোচৰ সংক্ৰান্ত ৰাঁচী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ এগৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে। ব্যাপক জেৰাৰ অন্তত ৰাঁচি চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ২০২৩ বেটছৰ ছাত্ৰী সুৰভি কুমাৰী নামৰ ছাত্ৰীগৰাকী গ্ৰেপ্তাৰ কৰা হয় । চি বি আয়ে ছাত্ৰীগৰাকীৰ মোবাইল, লেপটপ আৰু অন্য বৈদ্যুতিক সঁজুলিসমূহ জব্দ কৰিছে। ঝাৰখণ্ডৰ ৰামগড় জিলাৰ বাসিন্দা সুৰভি কুমাৰীয়ে নীটৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ দুৰ্বৃত্তৰ হৈ প্ৰশ্নকাকত সমাধান কৰি দিয়া বুলি অভিযোগ উঠিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।