নির্বাচন আয়োগে আসন্ন বিহাৰ বিধানসভা নির্বাচন আৰু বিভিন্ন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষকৰ দল নিযুক্তি দিব। এই দলটোত সাধাৰণ জনতা, আৰক্ষী আৰু ব্যয় পর্যবেক্ষকসকলক কেন্দ্রীয় পর্যবেক্ষক হিচাপে অন্তর্ভুক্ত কৰা হ’ব।
মুক্ত, নিকা, আৰু স্বচ্ছ নির্বাচনৰ বাবে ৩২০ গৰাকী আই এ এছ আৰু ৬০ গৰাকী আই পি এছকে ধৰি ৪৭০ গৰাকী বিষয়াক কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিযুক্তি দিয়া হ’ব। এই পর্যবেক্ষকসকলে প্ৰতিটো সমষ্টিৰ নিৰ্বাচনী প্রক্রিয়া নিৰীক্ষণ কৰাৰ লগতে গুৰুত্ব দিবলগীয়া সমষ্টিসমূহ চিনাক্ত কৰি কাৰ্যব্যৱস্থা গ্রহণ কৰিব। নির্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি এই নিৰীক্ষকসকলে মুক্ত, স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ভূমিকা গ্ৰহণ কৰাৰ উপৰি নিৰ্বাচনী প্রক্রিয়াত অংশগ্রহণৰ বাবে ভোটদাতাসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিব। জম্মু-কাশ্মীৰৰ বাদগাম আৰু নাগব’টা, ৰাজস্থানব অন্তা বিধানসভা সমষ্টি, ঝাৰখণ্ডৰ ঘাটছিলা, তেলেংগানাৰ জুবিলি হ’ল, পঞ্জাৱৰ তৰণ তৰণ, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নোৱাপদত উপ-নির্বাচন অনুষ্ঠিত হ’ব।
Site Admin | September 29, 2025 11:05 AM | Election Commission of India
নির্বাচন আয়োগে আসন্ন বিহাৰ বিধানসভা নির্বাচন আৰু বিভিন্ন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষকৰ দল নিযুক্তি দিব