ডাউনলোড
মোবাইল এপ

android apple
signal

নির্বাচনী তালিকা শুদ্ধ আৰু ভোটদান প্রক্রিয়া অধিক সুবিধাজনক কৰাৰ বাবে নির্বাচন আয়োগৰ পদক্ষেপ গ্ৰহণ

নির্বাচন আয়োগে নির্বাচনী তালিকা অধিক শুদ্ধ কৰাৰ লগতে জনসাধাৰণৰ বাবে ভোটদান প্রক্রিয়া অধিক সুবিধাজনক কৰি তোলাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আয়োগে বর্তমান ভাৰতৰ মহাপঞ্জীয়কৰ পৰা মৃত্যুৰ পঞ্জীকৰণ তথ্য বৈদ্যুতিনভাৱে লাভ কৰিব। এই প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচনী পঞ্জীয়ক বিষয়াই মৃত্যুৰ পঞ্জীয়ন তথ্যসমূহ সময়মতে লাভ কৰিব। এই প্ৰক্ৰিয়াৰ যোগেদি বুথ পৰ্যায়ৰ বিষয়াসকলেও ক্ষেত্ৰ পৰিদৰ্শনৰ জৰিয়তে তথ্যৰ শুদ্ধতা পুনৰ পৰীক্ষা কৰিবলৈ সমৰ্থ হ’ব।
ভোটাৰ তথ্য তালিকা ভোটদাতাসকলৰ বাবে সুবিধাজনক কৰি তুলিবলৈ ইয়াৰ আৰ্হি উন্নত কৰাৰ বাবে সিদ্ধান্ত লৈছে। ভোটাৰৰ ক্ৰমিক নম্বৰ আৰু আংশিক নম্বৰৰ আকাৰ বৃদ্ধিৰ জৰিয়তে এই প্রচেষ্টা লোৱা হৈছে। ইয়াৰ ফলত ভোটদাতাসকলে সহজতে তেওঁলোকৰ ভোটদান কেন্দ্ৰসমূহ বিচাৰি উলিয়াবলৈ সহজ হ’ব আৰু নিৰ্বাচনী বিয়াসকলে নির্বাচনী তালিকাত তেওঁলোকৰ নামসমূহ সহজতে বিচাৰি উলিয়াব পাৰিব। আয়োগে নির্বাচনী পঞ্জীয়ন বিষয়াই নিযুক্তি দিয়া বুথ পৰ্যায়ৰ বিষয়াসকলক মান সম্পন্ন ফটো পৰিচয় পত্ৰ লগত লৈ থাকিবলৈ নিৰ্দেশনা দিছে, যাতে ইয়াৰ জৰিয়তে জনসাধাৰণে নিজৰ নামসমূহ বিচাৰি উলিওৱা আৰু পঞ্জীয়ন কৰাৰ সময়ত তেওঁলোকক সহজতে চিনাক্ত কৰিব পাৰে আৰু তেওঁলোকৰ সৈতে আত্মবিশ্বাসেৰে কথা-বার্তা পাতিব পাৰে।

অধিক পঢ়ক

সকলো চাওক