নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী কিষ্টোফাৰ লাক্সনক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কোৱালালামপুৰত আজি আছিয়ান সন্মিলন, ২০২৫-ত ভাগ লোৱাৰ সুযোগতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী কিষ্টোফাৰ লাক্সনক সাক্ষাৎ কৰে। ড° জয়শংকৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হৈ তেওঁক আদৰণি জনায়। শ্ৰী জয়শংকৰে দ্বিপাক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু মুক্ত ভাৰত-প্রশান্ত মহাসাগৰীয় এলেকাৰ ক্ষেত্ৰত কৰা পোষকতাৰ বাবে প্ৰশংসা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আজি পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মার্ক ৰুবিয়কো সাক্ষাৎ কৰে। দ্বিপাক্ষিক চুক্তি আৰু আঞ্চলিক তথা গোলকীয় বিষয়সমূহত হোৱা আলোচনাসমূহৰ তেওঁ প্ৰশংসা কৰে।