ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নাৰেংগীত ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য্যৰ শুভাৰম্ভ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ নাৰেংগীত আয়োজিত এটা কাৰ্যসূচীত বিদ্যালয় শিক্ষাৰ ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য্যৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাও উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি আঁচনিৰ অধীনত ১৯টা ভাষা আৰু ৯ টা মাধ্যমত ৩ কোটি ৪১ লাখ ৭৮ হাজাৰ ৫৮১ খন বিনামূলীয়া পাঠ্যপুথি প্ৰকাশ কৰা হৈছে। (ক) শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ৯১ হাজাৰ ৭০৭ গৰাকী শিক্ষাৰ্থীৰ মাজত এই পাঠ্যপুথিসমূহ বিতৰণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।