January 3, 2026 6:55 PM

views 24

ধেমাজিত ভাৰতীয় জনতা পাৰ্টিৰ তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ উপ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত ভাৰতীয় জনতা পাৰ্টিৰ তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ উপ সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চৰকাৰৰ জনকল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ ভূমিকা সন্দৰ্ভত পর্যালোচনা কৰা হয়। সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলাৰ সভানেত্ৰী ৰূপা কামান, দেউৰী স্বায়িত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীৰ লগতে জিলাখনৰ সকলো মণ্ডলৰ সভাপতি আৰু সভানেত্ৰীসকল বৈঠকত উপস্থিত থাকে।

July 25, 2025 8:06 PM

views 33

গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন

বিশিষ্ট ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অহা ১ আগষ্টত ধেমাজিৰ গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। স্মৃতি ন্যাসৰ অধ্যক্ষ তথা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি এটা প্ৰেছ বিবৃতি যোগে এই অনুষ্ঠানৰ কথা প্ৰকাশ কৰাৰ লগতে টাবুৰাম টাইড স্মৃতি ন্যাসৰ সৌজন্যত প্ৰদান কৰিবলগীয়া ২০২৫ বৰ্ষৰ সাহিত্য বঁটাসমূহ ঘোষণা কৰে। বিশিষ্ট সাহিত্যক য়েছে দৰজে ঠংছিলৈ ২০২৫ বৰ্ষৰ টাবুৰাম টাইড স...

May 15, 2025 12:16 PM

views 31

বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ পর্যালোচনা বৈঠক

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি দিছপুৰৰ জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ২০২৫-২৬ বৰ্ষৰ বাবে বাজেট ধার্য কৰা আঁচনিসমূহৰ সামগ্রিক পর্যালোচনা কৰা হয়। নৱম শ্ৰেণীৰ শিক্ষার্থীলৈ চাইকেল বিতৰণ, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, শিক্ষার্থীৰ বিনামূলীয়া নামভৰ্তি, উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ পৰিৱেশ মূল্যায়নৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। লগতে ২৫ খন বড়ো মাধ...

April 11, 2025 7:57 PM

views 77

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ শুভেচ্ছা জ্ঞাপন

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত এখন সংবাদমেলত অংশ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। ডাঃ পেগুৱে পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জনাই উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা জিলাসমূহৰ আয়ুক্তক এই বিষয়টো পৰ্যালোচনাৰ বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে চাহ জনজাতি অঞ্চল, অনুসূচীত জাতি- জনজাতি অঞ্চলসমূহত ফলাফল আশাপ্রদ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে।

February 11, 2025 2:44 PM

views 42

নাৰেংগীত ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য্যৰ শুভাৰম্ভ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ নাৰেংগীত আয়োজিত এটা কাৰ্যসূচীত বিদ্যালয় শিক্ষাৰ ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য্যৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাও উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি আঁচনিৰ অধীনত ১৯টা ভাষা আৰু ৯ টা মাধ্যমত ৩ কোটি ৪১ লাখ ৭৮ হাজাৰ ৫৮১ খন বিনামূলীয়া পাঠ্যপুথি প্ৰকাশ কৰা হৈছে। (ক) শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ৯১ হাজাৰ ৭০৭ গৰাকী শিক্ষাৰ্থীৰ মাজত এই পাঠ্যপুথিসমূ...

February 9, 2025 7:22 PM

views 34

ধেমাজী জিলাৰ দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত বৈঠক

ধেমাজী জিলাৰ দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত জিলাখনৰ পশুপালন, দুগ্ধ উন্নয়ন, গ্রামোন্নয়নকে ধৰি কেইবাটাও বিভাগৰ বিষয়াসকল এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে জিলা পৰ্যায়ত বছৰযোৰা পৰিকল্পনা যুগুত কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনত দুগ্ধ উৎপাদন বৃদ্ধি কৰি পৰ্যাপ্ত প্ৰয়োজন পূৰণ কৰিব পৰা অৱস্থালৈ অনাৰ লগতে ৰাজ্যখনৰ অন্যান্য অংশলৈ প্ৰেৰণৰ দিহা কৰিবলৈ পৰামৰ্শ দিয়ে।

February 3, 2025 7:44 PM

views 48

উচ্চ শিক্ষা বিভাগ, শিক্ষা খণ্ডৰ কেইবাটাও বিভাগৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আজি বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগকে ধৰি শিক্ষা খণ্ডৰ কেইবাটাও বিভাগৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি বৈঠকত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট প্রস্তাৱ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভত বহুদিনীয়া বিবদমান বিষয়সমূহো বৈঠকত আলোচনা কৰে। তেওঁ কয়, যে এই ক্ষেত্ৰত বিভাগীয় মতামত শীঘ্ৰেই মন্ত্ৰীসভাৰ উপসমিতিলৈ প্ৰ...