ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 7, 2025 10:54 AM | Atul Bora

printer

নামৰূপ সাৰ কাৰখানাত নতুন গোট স্থাপনৰ পাছত সাৰৰ নাটনি দূৰ হ’ব : মন্ত্ৰী অতুল বৰা

নামৰূপ সাৰ কাৰখানাত ১২ হাজাৰ ৬০০ কোটি টকা বিনিয়োগেৰে নতুন গোট স্থাপন কৰাৰ পাছত ৰাজ্যত সাৰৰ নাটনি দূৰ হ’ব বুলি কৃষিমন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰিছে। এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৰাজ্যত সাৰৰ কৃত্ৰিম নাটনি তথা কৃষকে উচ্চ দামত সাৰ কিনিবলৈ অক্ষম হোৱা সন্দৰ্ভত কৰা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী বৰাই কয়, যে কৃষি বিভাগে জিলা প্ৰশাসনৰ লগত যুটীয়াভাৱে অনুসন্ধান কৰি সাৰ বিক্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম পোৱা নাই আৰু নামৰূপৰ অতিৰিক্ত গোটটো স্থাপন হোৱাৰ পাছতে বৰ্তমানৰ নাটনি দূৰ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।