ডাউনলোড
মোবাইল এপ

android apple
signal

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ ৪০ শতাংশ, ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ১১ শতাংশ, হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেডৰ ১৩ শতাংশ, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ১৮ শতাংশ অংশীদাৰিত্ব থাকিব। আনুমানিক ১০ হাজাৰ ৬০১ কোটি ৪০ লাখ টকা ব্যয়ৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পই উত্তৰ-পূৰ্বাঞ্চলত ইউৰিয়াৰ ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰিব। এই প্ৰকল্পই উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিহাৰ, পশ্চিমবংগ, উত্তৰপ্ৰদেশৰ পূব অংশ আৰু ঝাৰখণ্ডৰ ইউৰিয়াৰ বৰ্ধিত চাহিদা পূৰণত সহায় কৰিব। এই প্রকল্প ৰূপায়ণৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত কৰ্মসংস্থাপনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সুযোগ সৃষ্টি হ’ব আৰু ইউৰিয়াৰ ক্ষেত্ৰত দেশৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণত সহায় কৰিব।

অধিক পঢ়ক

সকলো চাওক