January 17, 2026 12:28 PM

views 26

নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত

নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত হৈছে। অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে এই প্ৰতিযোগিতা উদ্বোধন কৰি কয়, যে উৎসাহ আৰু প্ৰতিযোগিতামূলক মনোভাৱেৰে পৰিপূৰ্ণ এই প্রতিযোগিতাই ক্রীড়া প্ৰেমীসকলক আনন্দিত কৰিবলৈ সক্ষম হয়।

December 8, 2025 11:39 AM

views 44

নামৰূপ সাৰ কাৰখানাৰ বৰ্তমান উৎপাদনক্ষম তৃতীয় গোটত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত

নামৰূপ সাৰ কাৰখানাৰ বৰ্তমান উৎপাদনক্ষম তৃতীয় গোটত কালি সন্ধিয়া ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এমোনিয়া উৎপাদন কৰা তৃতীয় গোটটোত সন্ধিয়া প্রায় ৭ বজাত জুই লাগে। জুইৰ লেলিহান শিখাই পলকতে সমগ্ৰ এলেকাটো আঁৱৰি লয়। অৱশ্যে সাৰ কাৰখানা, ৰাজ্যিক অগ্নি নির্বাপক বাহিনী আৰু অইল ইণ্ডিয়াৰ অগ্নি নির্বাপক বাহিনী ৪৫ মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সমর্থ হয়। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে অগ্নিকাণ্ডত সাৰ কাৰখানাটোৰ এয়াৰ কম্প্ৰেচাৰ সম্পূৰ্ণৰূপে ধবংস হয়। উল্লেখযোগ্য যে, নামৰূপ সাৰ কাৰখানা- ব্ৰহ্মপুত...

March 19, 2025 7:34 PM

views 28

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ ৪০ শতাংশ, ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ১১ শতাংশ, হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেডৰ ১৩ শতাংশ, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ১৮ শতাংশ অংশীদাৰিত...