ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰৰ্মনে কয় যে ৯৯% সামগ্ৰী আৰু সেৱা কৰ হয় শূন্য, নহয় ৫ৰ পৰা ১৮%  ভিতৰত ৰখা হৈছে। তেওঁ জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষতিপূৰণ শুল্ক আৰু বিস্তৃত প্ৰস্তাৱ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে পেট্ৰ’লিয়ামজাত সামগ্ৰী আৰু সুৰাৰ সামগ্ৰীক বৰ্তমানৰ জি এছ টিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ৫০% শুল্ক আৰোপ কৰাৰ ফলত প্ৰভাৱ পৰা ৰপ্তানিকাৰীসকলৰ সুবিধা হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ৰপ্তানিকাৰীসকলৰ বাবে এটা বিশেষ পেকেজ প্ৰস্তুত কৰা হৈছে। শ্ৰীমতী সীতাৰমনে কয় যে আত্মনিৰ্ভৰ ভাৰত কেৱল দেশত সামগ্ৰী উৎপাদনৰ বাবেই নহয়, বৰ্তমানৰ অনিশ্চিত গোলকীয় বাণিজ্যিক নীতিৰ সময়ত আত্মসন্মানেৰে মুখামুখি হ’ব পৰাকৈ সাজু কৰি তোলা হৈছে।