ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছেঃ ধর্মেন্দ্র প্রধান

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে বুলি শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্রকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ কৌশলগত মিত্রতা মঞ্চই আয়োজন কৰা ভাৰত নেতৃত্ব শীর্ষ সন্মিলন ২০২৪ ত তেওঁ ভাষণ প্ৰসংগত এইকথা প্রকাশ কৰে। দেশত নতুন শিক্ষানীতি ৰূপায়ণৰ পঞ্চম বৰ্ষৰ বিষয়ে উল্লেখ কৰি তেওঁ এই দিশটোক প্ৰশংসা কৰে ৷ চৰকাৰে বিশ্ববিদ্যালয়সমূহক ভাৰতত শাখা মুকলি কৰিবলৈ আমন্ত্ৰণ জনোৱা বুলিও তেওঁ সদৰি কৰে। শিক্ষার্থীসকলক গোলকীয় মান সম্পন্ন শিক্ষা প্ৰদান কৰাৰ গুৰুত্ব সন্দৰ্ভত তেওঁ আলোকপাত কৰে। শ্ৰীপ্ৰধানে কয় যে মন্ত্রালয়ে দক্ষতাক অগ্রাধিকাৰ দিয়াৰ লগতে প্ৰযুক্তিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ প্ৰগতি ত্বৰান্বিত কৰাৰ পোষকতা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিগ্ৰী তথা প্ৰমাণপত্ৰতকৈ কৰ্মদক্ষতাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ দিশটো সন্দৰ্ভতো আলোকপাত কৰে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।