January 6, 2026 1:55 AM

views 25

দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে । সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীপ্ৰধানে প্ৰকাশ কৰা অনুসৰি এই গ্ৰন্থখনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৪ ৰ পৰা ২০২৫ চনলৈকে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণসমূহ সন্নিবিষ্ট কৰা হৈছে। শ্রীপ্রধানে লগতে কয় যে এই ভাষণ সমূহে সবকা সাথ সবকা বিকাশ আৰু সবকা প্রয়াসৰ আদর্শেৰে নিজৰ কৰ্মজীৱনক উজ্জীৱিত কৰা শ্ৰীমোদীৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰে। অন্ত্যোদয়, স্বচ্ছ ভাৰতৰ দৰে...

September 4, 2025 12:11 PM

views 37

অংগনবাড়ী কেন্দ্ৰসমূহৰ সহাৱস্থানৰ নিৰ্দেশাৱলী উন্মোচন কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধান, অন্নপূর্ণা দেৱীৰ

■ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান আৰু কেন্দ্ৰীয় মহিলা তথা শিশু উন্নয়ন মন্ত্রী অন্নপূর্ণা দেৱীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিদ্যালয়সমূহৰ সৈতে অংগনবাড়ী কেন্দ্ৰসমূহৰ সহাৱস্থানৰ নিৰ্দেশাৱলী উন্মোচন কৰে। শ্ৰীপ্রধানে কয়, যে এই পদক্ষেপে প্ৰতিগৰাকী মাতৃ আৰু শিশুৰ যত্ন সুনিশ্চিত কৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ সৈতে সংগতি ৰাখি শিক্ষণ পদ্ধতিৰ ভেঁটি সুনিশ্চিত কৰিব। তেওঁ লগতে কয়, যে নির্দেশনাৱলীত শিশুৰ অংগনবাড়ীৰ পৰা বিদ্যালয়লৈ পৰিৱৰ্তন, উন্নত স্বাস্থ্য আৰু পুষ্টি প্ৰাথমিক শিক্ষাৰ গত...

December 18, 2024 2:00 PM

views 39

চৰকাৰে বিগত ১০ বছৰত সংখ্যালঘু সম্প্রদায়কে ধৰি দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰিছেঃ ধর্মেন্দ্র প্রধান

চৰকাৰে বিগত ১০ বছৰত সংখ্যালঘু সম্প্রদায়কে ধৰি দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰিছে বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰে আগবাঢ়িছে। শ্রী প্রধানে প্রধানমন্ত্রী আবাস যোজনা আৰু প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ দৰে চৰকাৰৰ আঁচনিসমূহত আলোকপাত কৰি কয়, যে এই আঁচনিসমূহে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ জীৱন ...

October 14, 2024 7:37 PM

views 49

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছেঃ ধর্মেন্দ্র প্রধান

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে বুলি শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্রকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ কৌশলগত মিত্রতা মঞ্চই আয়োজন কৰা ভাৰত নেতৃত্ব শীর্ষ সন্মিলন ২০২৪ ত তেওঁ ভাষণ প্ৰসংগত এইকথা প্রকাশ কৰে। দেশত নতুন শিক্ষানীতি ৰূপায়ণৰ পঞ্চম বৰ্ষৰ বিষয়ে উল্লেখ কৰি তেওঁ এই দিশটোক প্ৰশংসা কৰে ৷ চৰকাৰে বিশ্ববিদ্যালয়সমূহক ভাৰতত শাখা মুকলি কৰিবলৈ আমন্ত্ৰণ জনোৱা বুলিও তেওঁ সদৰি কৰে। শিক্ষার্...

June 28, 2024 8:22 PM

views 33

নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক আশ্বাস, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক এইবুলি আশ্বাস দিয়ে যে, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ বিষয়টো লৈ অতিকে সংবেদনশীল। তেওঁ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ সদনত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ সাজু আছে।