নতুন ভাৰতৰ বুকুত বর্তমান উত্তৰ-পূৰ্বাঞ্চল উন্নয়নশীল অঞ্চলৰূপে পৰিগণিত হৈছে: সর্বানন্দ সোণোৱাল

● কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক উত্তৰ-পূব ভাৰতৰ অভূতপূৰ্ব বিকাশৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইজিং নর্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয়, যে নতুন ভাৰতৰ বুকুত বর্তমান উত্তৰ-পূৰ্বাঞ্চল উন্নয়নশীল অঞ্চলৰূপে পৰিগণিত হৈছে।

সন্মিলনখনৰ উত্তৰ-পূবৰ আন্তঃগাঁথনিৰ বাবে সম্ভাৱনীয়তা মুকলিকৰণ বিষয়ত ভাষণ দি কেন্দ্রীয় মন্ত্ৰী সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত যুগান্তকাৰী পৰিৱৰ্তন সম্ভৱ হৈছে বুলি মন্তব্য কৰে। তেওঁ কয়, যে এসময়ত যিটো অঞ্চল অনুন্নত আৰু বিচ্ছিন্ন বুলি গণ্য কৰা হৈছিল, এতিয়া এই অঞ্চলটো দেশৰ বাবে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰত পৰিণত হৈছে।

তেওঁ কয়, যে এই অঞ্চলটো কেৱল ভাৰতৰ বিকাশৰ এটা অংশ নহয়, ই এটা বৃহৎ অধ্যায়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়াকৈ আয়োজিত এই সন্মিলনত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰায়ো অংশগ্রহণ কৰে। মন্ত্ৰীগৰাকীয়ে যোগীঘোপাত ৰাজ্য চৰকাৰে স্থাপন কৰা মাল্টি মডেল লজিষ্টিক পার্কখনে বিনিয়োগকাৰীসকলক লাভান্বিত কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে শেহতীয়াকৈ অনষ্ঠিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনত বিনিয়োগৰ বাবে আগবঢ়োৱা প্ৰস্তাৱসমূহৰ বিষয়টো আলোকপাত কৰে।

উল্লেখযোগ্য যে, নতুন দিল্লীত কালি ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক পৰ্যটনৰ ৰম্যভূমি বুলি উল্লেখ কৰি কয়, যে এই অঞ্চল আন্তৰাষ্ট্ৰীয় সন্মিলন, সংগীত সন্মিলন তথা আকৰ্ষণীয় বিবাহৰ স্থান হিচাপে পৰিগণিত হোৱাৰ থল আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।