নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ

কর্পোৰেট পৰিক্ৰমা ৰাজ্যমন্ত্রী হর্ষ মালহোট্রাই আজি নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ কৰে। সংসদ খেল মহোৎসৱ ২০২৫ৰ অংশৰূপে আয়োজন কৰা এই অনুষ্ঠানত ছহেজাৰৰো অধিক নাগৰিকে অংশগ্ৰহণ কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে প্রকাশ কৰা মতে পথ সুৰক্ষা, সুস্বাস্থ্য আৰু যুৱক-যুৱতীৰ অংশগ্রহণক মূল বিষয়বস্তু হিচাপে লৈ এই দৌৰৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত শ্রীমালহোট্টাই কয় যে এই পদক্ষেপে সকলো বয়সৰ লোকৰ মাজত শাৰীৰিক কচৰতক উৎসাহিত কৰাৰ লগতে বাট-পথত দায়বদ্ধ আচৰণৰ এটা সংস্কৃতি গঢ়ি তোলাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাক প্রতিফলিত কৰে। তেওঁ কয় যে স্কুলীয়া শিক্ষার্থীৰ পৰা জ্যেষ্ঠ নাগৰিকলৈকে সকলো অংশগ্ৰহণকাৰীৰ মাজত পথ সুৰক্ষা আৰু স্বাস্থ্যসন্মত জীৱন যাপনৰ ক্ষেত্ৰত জনসচেতনতা গঢ়ি তোলাৰ বাবে উৎসাহ পৰিলক্ষিত হয়। মন্ত্রালয়ে কয় যে এনেধৰণৰ অনুষ্ঠানে জনসাধাৰণক বিশেষকৈ যুৱক-যুৱতীসকলক পথত অধিক সর্তকতা আৰু নিয়মানুবর্তিতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।