নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই সন্মিলন মুকলি কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰদৰ্শনী আৰু যুৱ বিজ্ঞানী তথা শিক্ষার্থী সমাৰোহো অনুষ্ঠিত হ’ব। এই সন্মিলনৰ এহেজাৰতকৈ অধিক বিশ্বৰ প্ৰতিনিধি সাক্ষী হোৱাৰ লগতে বিশ্বমানৰ বৈজ্ঞানিক আলাপ- আলোচনাৰ এখন মঞ্চ হিচাপে সেৱা আগবঢ়াব বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে আশা প্রকাশ কৰিছে। এই সন্মিলনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰাৰ লগতে কৃষি বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য, আই চি এ আৰৰ উপ-সঞ্চালকপ্রধান, ঔদ্যোগিক প্ৰতিনিধি আৰু আগশাৰীৰ কৃষি ব্যৱসায়িক উদ্ভাৱকসকলেও অংশগ্রহণ কৰিব। এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ বিষয়বস্তু হৈছে- ‘RE-ENVISIONING AGRONOMY FOR SMART AGRO- FOOD SYSTEMS AND ENVIRONMENTAL PROTECTION’ অধিক উৎপাদনক্ষম, জলবায়ু অনুকুল, বহনক্ষম পৰিৱেশ তন্ত্ৰ আৰু সুষম খাদ্য সুৰক্ষা আদি বিষয়সমূহ এই সন্মিলনত আলোকপাত কৰা হ’ব।
Site Admin | November 24, 2025 9:05 AM | Agriculture and Farmers Welfare | Shivraj Chouhan
নতুন দিল্লীত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ ৰ আয়োজন