ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 19, 2025 11:50 AM | India-Nepal

printer

নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বৈঠক

নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰানা দেওবা আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ কালি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে আয়োজন কৰা দশম ৰাইছিনা ডায়লগ শীর্ষ সন্মিলনৰ সুযোগতে মন্ত্ৰী দুগৰাকী আলোচনাত মিলিত হয়। নেপালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ড০ জয়শংকৰ সৈতে এই বৈঠক অতি ফলপ্রসূ আছিল বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বিভিন্ন খণ্ডত থকা দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে ভাৰত আৰু নেপালৰ মাজৰ বাণিজ্যিক সহযোগিতা, জলসম্পদ উন্নয়ন বিষয়ত লাভ কৰা অগ্রগতিকে ধৰি পাৰস্পৰিক স্বার্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনা কৰে।