ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 20, 2025 7:37 PM | Diwali 2025

printer

নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহত দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচী

নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহে আজি দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচীত অংশগ্ৰহণ কৰি দেশবাসীক দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। ফিনলেণ্ড, ইজৰাইল, অস্ট্রিয়া, ব্রাজিল, ছুইজাৰলেণ্ড আৰু ইউৰোপীয় সংঘৰ দূতাৱাসে আনন্দ আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ফিনলেণ্ডৰ দূতাবাসে কুইজ, প্রীতিভোজ আৰু নৃত্য অনুষ্ঠানেৰে দীপাৱলী উদযাপন কৰে। দূতাৱাসৰ তৰফৰ পৰা শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দূতাবাসৰ বিষয়াসকলে এই উৎসৱ উপলক্ষে সংগীত উপভোগ কৰা পৰিলক্ষিত হয়। ইজৰাইলৰ কূটনীতিবিদসকলে দীপাৱলী উপলক্ষে পৰম্পৰাগত ফুল আৰু চাকি ক্ৰয় কৰা পৰিলক্ষিত হয়। তেওঁলোকে কার্যালয়ত আল্পনা অংকন কৰি জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। ছুইজাৰলেণ্ডৰ দূতাবাসে এটি প্রাণবন্ত আল্পনাৰ ওচৰত ফটো তুলি দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। ইউৰোপীয় সংঘ অস্ট্রিয়া তথা ব্রাজিলৰ দূতাবাসেও এই উৎসৱ উপলক্ষে দেশবাসীলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰে। পোহৰৰ উৎসৱ দীপাৱলীয়ে এন্ধাৰ বিনাশী পোহৰ অনাৰ লগতে অশুভ শক্তিক নেওচি শুভ শক্তিৰ বিজয় প্রতিফলিত কৰে। বিশ্বৰ বিভিন্ন প্রান্তত উদযাপিত এই উৎসৱৰ জৰিয়তে ভাৰতৰ ঐশর্য্যশালী সাংস্কৃতিক ঐতিহ্য তথা একতা আৰু সমন্বয়ৰ গোলকীয় বার্তা প্রতিফলিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।