ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 26, 2025 9:21 PM | Piyush Goel

printer

নতুন দিল্লীত কেন্দ্রীয় বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ সংবাদ মেল

কেন্দ্রীয় বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে আজি ওমানৰ সৈতে থকা ভাৰতৰ মুক্ত বাণিজ্য চুক্তি (এফটিএ) সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি অৱগত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত বাণিজ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্য চুক্তি ভালদৰে আগবাঢ়িছে আৰু নিউজিলেণ্ড, চিলি আৰু পেৰুৰ সৈতেও এই সন্দৰ্ভত আলোচনা চলি আছে। তেওঁ লগতে উল্লেখ কৰে যে এই বাণিজ্যিক চুক্তিবোৰে প্ৰযুক্তিগত অংশীদাৰিত্ব অন্বেষণ কৰা আৰু এছ. টি. ই. এম.ত ভাৰতৰ শক্তিক ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। গোৱেলে কয় যে শেহতীয়া বছৰবোৰত উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে সফল বাণিজ্যিক চুক্তিয়ে বিশ্ব পৰ্যায়ত ভাৰতৰ বৰ্ধিত প্ৰাসংগিকতা আৰু গুৰুত্ব প্রতিফলিত কৰিছে। ভাৰতৰ সামগ্ৰী আৰু সেৱাসমূহৰ উচ্চ মানদণ্ড আৰু ব্যয় প্ৰতিযোগিতামূলকতা আছে যিয়ে এই চুক্তিসমূহ সম্ভৱ কৰি তুলিছে বুলিও তেওঁ মন্তৱ্য কৰিছে। ব্ৰিটেইনৰ সৈতে এফটিএ সম্পর্কে আলোচনা কৰি শ্ৰী গোৱেলে উল্লেখ কৰে যে এই চুক্তিয়ে ভাৰতৰ বাবে অতি প্রতিযোগিতামূলক খণ্ড বিশেষকৈ বস্ত্ৰ আৰু চামৰা সামগ্ৰী উদ্যোগত সমান সুযোগ প্ৰদান কৰিব। দ্বিপাক্ষিক সমৰ্থন পোৱাৰ লগে লগেই ব্ৰিটেইনৰ সংসদত এই চুক্তিখন শীঘ্ৰেই গৃহীত হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰিছে।