ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নতুন দিল্লীত কাইলৈৰ পৰা বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন

বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অধিৱেশনৰ উদ্বোধন কৰিব। ৩১ জুলাইত অধিৱেশনৰ সামৰণি পৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আয়োজন কৰিছে। অনুষ্ঠানত ইউনেস্ক’ৰ সঞ্চালক প্ৰধান মেডাম অড্রে আজৌলে আৰু ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন দেশৰ সাংস্কৃতিক মন্ত্ৰী, ৰাষ্ট্ৰদূতৰ দৰে অন্যান্য ব্যক্তিসকলে অংশগ্রহণ কৰিব। অধিৱেশনৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত এইয়া হৈছে ভাৰতত হবলগীয়া প্ৰথমটো বৃহত কাৰ্যসূচী। তেওঁ লগতে কয় যে, এই অধিৱেশনত ভাৰতৰ বৈচিত্ৰ আৰু অনন্য সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যক বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব আৰু ই দেশৰ সাংস্কৃতিক গৌৰৱক নতুন মাত্ৰা প্ৰদান কৰিব৷ ভাৰত ২০২১ চনৰ ২৩ সংখ্যক সাধাৰণ পৰিষদত ৪ বছৰৰ বাবে ২১ জনীয়া বিশ্ব ঐতিহ্য সমিতিলৈ নিৰ্বাচিত হৈছিল। ভাৰতে ইতিমধ্যে বিশ্ব ঐতিহ্যৰ তালিকাত ৪২টা ক্ষেত্ৰ সন্নিবিষ্ট কৰিছে।