ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নগাঁৱত ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰ

নগাওঁ জিলাৰ ৰূপহীহাটৰ ভকতগাওঁ খেলপথাৰৰ ওচৰত যোৱা নিশা আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ যাওতে এটা ৫ জনীয়া ড্ৰাগছ মাফিয়াৰ দলে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰক অপহৰণ কৰিবলৈকো চেষ্টা চলায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খলিলুৰ ৰহমান আৰু ৰাকিবুল হুছেইন নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে যদিও আন তিনিজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।