কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুযায়ী আজি নগাঁও জিলাৰ বেবেজিয়াত জলচ্ছেদ মহোৎসৱ অনুষ্ঠিত হয়। ভূমি সংৰক্ষণ বিভাগৰ নগাঁও সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকে। আজিৰ কাৰ্যসূচীত ৰাজ্যৰ ২৪খন জিলাৰ ৩১টা জলচ্ছেদ প্রকল্প নিৰ্মাণ কাৰ্যৰ ভার্চুৱেলি শুভাৰম্ভ কৰা হয়। ইয়াৰ লগতে ইতিপূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা ৮৬টা প্ৰকল্প আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। ইয়াৰ উপৰি এই অনুষ্ঠানতে প্রধানমন্ত্ৰীৰ কৃষি সিঞ্চাই যোজনা আঁচনি ৰূপায়ণত উন্নত প্ৰদৰ্শন দাঙি ধৰা কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, কাৰ্বি আংলঙকে ধৰি মুঠ সাতখন জিলালৈ ২০ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। মন্ত্ৰী শ্ৰীব্ৰহ্মই প্রকাশ কৰা অনুসৰি ৰাজ্যত ১৮৪টা জলচ্ছেদ প্ৰকল্পৰ কাৰণে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লগতে কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৌৰিয়া, ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সঞ্চালক প্রদীপ দত্তকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | December 1, 2025 6:50 PM | Nagaon
নগাঁও জিলাৰ বেবেজিয়াত জলচ্ছেদ মহোৎসৱ