ধেমাজি জিলাৰ চিলাপথাৰ মহাবিদ্যালয় খেল পথাৰত আজি সাংসদ খেল মহোৎসৱৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত হোৱা এই খেলসমূহত মুঠ ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেল মহোৎসৱৰ চূড়ান্ত খেলত দৌৰ, কাবাদী, দবা আৰু ভলীবল প্ৰতিযোগিতাত বাচনি লাভ কৰা খেলুৱৈসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলসমূহত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব বুলি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মন্তব্য কৰে
খেল মহোৎসৱৰ চূড়ান্ত প্রতিযোগিতাত সাংসদ শ্ৰী বৰুৱাৰ সৈতে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু আৰু শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াও উপস্থিত থাকে।
Site Admin | December 22, 2025 10:09 PM | Akashvani | Akashvani News | Khel Maharan | SPORTS
ধেমাজিৰ চিলাপথাৰ মহাবিদ্যালয় খেল পথাৰত আজি সাংসদ খেল মহোৎসৱৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়