ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 14, 2025 7:54 PM | cm mmmua

printer

ধেমাজিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত জন সমাবেশত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্ৰদান কৰে। এই আঁচনিৰ অধীনত চিচিবৰগাওঁ বিধানসভা সমষ্টিত ৩ হেজাৰ ৩৭০ টা আত্মসহায়ক গোটৰ ৩৪ হাজাৰ ৪৪৮ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হিচাপে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে ধৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু প্রশান্ত ফুকনো উপস্থিত থাকে।

ইপিনে, এই আঁচনিৰ অধীনত কালি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ৩৬ হাজাৰ ৮৩৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ মহিলা সৱলীকৰণৰ কাৰণে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিগত চাৰি বছৰৰ পাছত ৰাজ্যৰ মহিলা উদ্যমীসকলক আত্মনিৰ্ভৰ কৰাত বিশেষ অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে।