ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধেমাজিত দলীয় কর্মকর্তাৰ সৈতে কৃষিমন্ত্রী অতুল বৰাৰ সাংগঠনিক সভা

কৃষিমন্ত্রী অতুল বৰাই ধেমাজিত আজি দলীয় কর্মকর্তা সকলৰ সৈতে এখন সাংগঠনিক সভাত অংশ লয়। তেওঁ তৃণমূল কর্মীসকলক দলটোৰ প্ৰধান চালিকা শক্তি বুলি অভিহিত কৰে। তৃণমূলৰ কৰ্মকৰ্তা সকলৰ সক্রিয় ভূমিকা আৰু উৎসর্গিত মনোভাৱে সকলোকে সবলভাৱে কাম কৰি যাবলৈ প্ৰেৰণা যোগাই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সমাগত বিভিন্ন পৰিষদীয় নির্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কৰ্মকৰ্তা সকলক অধিক সক্রিয় হ’বলৈ তেওঁ আহ্বান জনায়। লগতে তেওঁ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত সভাত কর্মকর্তা সকলক দিহা-পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।