December 18, 2024 1:24 PM | Assam | Assam Police

printer

ধুবুৰী আৰু কোকৰাঝাৰ জিলাত আৰক্ষীৰ অভিযানত নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী গোট জামাত-উল-মুজাহিদিনৰ সৈতে জড়িত ৮ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ

আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে আজি নিচেই পুৱা ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অভিযান চলাই নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী গোট জামাত-উল-মুজাহিদিনৰ সৈতে জড়িত ৮ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে কোকৰাঝাৰৰ জয়পুৰৰ নামপাৰাৰ পৰা চাৰিজন লোকক আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুলিগাঁৱৰ পৰা আন ৪জন জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।