ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ধুবুৰীৰ সাম্প্ৰতিক পৰিস্থিতিক কঠোৰ হাতেৰে দমন কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে। সাম্প্ৰতিক ঘটনাৱলীৰ সৈতে যি চক্রই জড়িত নাথাকক কিয় সেইসকলক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিব লাগিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। এই ক্ষেত্ৰত প্রশাসনক সহায়-সহযোগ কৰিবলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
সাংসদ হুছেইনে কালি ধুবুৰী আৱৰ্ত ভৱনত জিলাখনত সাংসদ পুঁজিৰ ধনেৰে নিৰ্মিত কাম-কাজৰ পর্যালোচনা কৰে। তেওঁ জিলাখনৰ খহনীয়া প্ৰতিৰোধ আৰু বান নিয়ন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ অসমৰে বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি দি ইয়াৰ সমাধানৰ বাবে প্ৰচেষ্টা চলাবলৈ চৰকাৰক আহ্বান জনায়। তেওঁ ধুবুৰী জিলাৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়।
Site Admin | June 13, 2025 8:00 PM | MP Rokibul Hussain
ধুবুৰীৰ সাম্প্ৰতিক পৰিস্থিতিক কঠোৰ হাতেৰে দমন কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰতি সাংসদ ৰকিবুল হুছেইনৰ আহ্বান