মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী চহৰৰ আইন-শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্রীতি অটুট ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। সন্ধিয়া আৰু নিশাৰ ভাগত দুষ্কৃতিকাৰীক দেখা মাত্ৰকে গুলীওৱাৰ আনুষ্ঠানিক নিৰ্দেশ আজি সন্ধিয়াৰ ভিতৰতে জাৰি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আজি ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কালত মুখ্যমন্ত্ৰীয়ে এই নির্দেশ দিয়ে। বিগত কেইবাদিনো ধৰি ধুবুৰীৰ পৰিস্থিতি অশান্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ শৰ্মা আজি দুপৰীয়াৰ ভাগত ধুবুৰীত উপস্থিত হয়। তেওঁ জিলা প্ৰশাসনক শান্তি শৃংখলা অটুট ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। ধুবুৰীলৈ শীঘ্ৰে ৰেপিড এক্সন ফোৰ্চ আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ অতিৰিক্ত বেটেলিয়ান পঠিওৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
ধুবুৰী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই সৰ্বসাধাৰণ ৰাইজৰ সৈতেও মত বিনিময় কৰি জিলাখনলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি ধুবুৰীৰ হনুমান মন্দিৰলৈকো যায় আৰু মন্দিৰ চৌহদৰ ভিতৰত যাতে কোনো অবাঞ্চনীয় ঘটনা ঘটিব নোৱাৰে সেয়া সুনিশ্চিত কৰা হ’ব বুলি মন্দিৰ কৰ্তৃপক্ষক আশ্বাস দিয়ে।
Site Admin | June 13, 2025 7:49 PM | CM-Dhubri Visit
ধুবুৰীৰ আইন-শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্রীতি অটুট ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ