June 13, 2025 7:49 PM

views 11

ধুবুৰীৰ আইন-শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্রীতি অটুট ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী চহৰৰ আইন-শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্রীতি অটুট ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। সন্ধিয়া আৰু নিশাৰ ভাগত দুষ্কৃতিকাৰীক দেখা মাত্ৰকে গুলীওৱাৰ আনুষ্ঠানিক নিৰ্দেশ আজি সন্ধিয়াৰ ভিতৰতে জাৰি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আজি ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কালত মুখ্যমন্ত্ৰীয়ে এই নির্দেশ দিয়ে। বিগত কেইবাদিনো ধৰি ধুবুৰীৰ পৰিস্থিতি অশান্ত হৈ থকাৰ প...