ডাউনলোড
মোবাইল এপ

android apple
signal

September 11, 2025 8:45 PM | Assam CM

printer

ধুবুৰীত হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক আখ্যা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

ধুবুৰীত কালি সন্ধিয়া এটা ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰ লাঠিচালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। তেওঁ এই ঘটনাটো অনাকাংক্ষিত বুলি উল্লেখ কৰি কয় যে ইতিমধ্যে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই যোৱা নিশা ধুবুৰীত উপস্থিত হৈ গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা বুলি প্ৰকাশ কৰে। তদুপৰি গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীকো ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
নিৰস্ত্ৰ প্ৰতিবাদকাৰীক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৱে জিলাখনত ১২ ঘণ্টীয়া বন্ধৰ পালন কৰে। সংগঠনটোৱে এই ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লগতে ন্যায় বিচাৰ দাবী কৰিছে। উল্লেখযোগ্য যে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত ধুবুৰী জিলা আক্ৰাছুৰ উদ্যোগত গোলকগঞ্জত কালি এটা জোঁৰ সমদল উলিওৱা হৈছিল। প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ পাছতো কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাশ অংশগ্ৰহণকাৰীয়ে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত উপস্থিত হৈ সমদল কৰি ৰাস মেলা ময়দানত সমবেত হৈছিল। ইয়াৰ পাছত সমলকাৰীসকলে জোঁৰ লৈ জনজাতিকৰণৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীসকলক ছত্রভংগ দিবলৈ লাঠীচালনা কৰে। লাঠীচালনাত অর্ধশতাধিক প্ৰতিবাদকাৰী আহত হয়। সংকটজনক অৱস্থাত ইয়াৰে একাংশক প্ৰাথমিক চিকিৎসাৰ পাছত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ধুবুৰী জিলাত সান্ধ্য আইন জাৰি কৰা হয়। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰা ঘটনাক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ধুবুৰী পশ্চিম জিলা আক্ৰাছুৱে গৰিহণা দিছে। পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি ধুবুৰী জিলা আৰক্ষী অধীক্ষকক ৫ দিনৰ ভিতৰত উপ মহাপৰিদৰ্শকক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে চিকিৎ‍সাধীন হৈ থকা প্ৰতিবাদকাৰীসকলৰ স্বাস্থ্যৰ বুজ লয়।