ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাত ভিন্ন অঞ্চল প্লাৱিত

■ বিগত ২৪ ঘণ্টাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ কেইবাটাও অঞ্চল প্লাৱিত হৈছে। শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ, নিউ শিলচৰ, সোণাই ৰোড, শ্বিলং পট্টী, অম্বিকা পট্টী, চৌৰংগী, বিবেকানন্দ ৰোডকে ধৰি কেইবাটাও এলেকা বানত বুৰ গৈছে। বতৰ প্ৰতিকুল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আজি জিলাখনৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান, প্রশিক্ষণ কেন্দ্ৰ আৰু অংগনৱাড়ী কেন্দ্রসমূহ বন্ধ ঘোষণা কৰিছে। অৱশ্যে পূৰ্বৰ নিৰ্ধাৰিত পৰীক্ষাসমূহ সময়সূচী অনুসৰিয়ে অনুষ্ঠিত হ’ব। কাছাৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সংশ্লিষ্ট নিয়মৰ অধীনত জিলা প্রশাসনে সতর্কতামূলক পৰামৰ্শও জাৰি কৰিছে।