December 3, 2025 12:09 PM

views 26

কাছাৰত আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্র উৎখাত

গুৱাহাটীৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাই কাছাৰত কালি এটা আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্রক উৎখাত কৰে। সংস্থাৰ এটা দলে শিলচৰৰ সমীপৰ বৰাক নদীত অভিযান চলাই এখন নাৱৰ পৰা প্ৰায় ৬ কিলোগ্রাম হেৰোইন জব্দ কৰে। হেৰোইনখিনিৰ মূল্য ১২.৫০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ঘটনা সন্দৰ্ভত লখিমপুৰৰ জেকব হামাৰ আৰু মেলদি হামাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

October 28, 2025 11:06 AM

views 135

কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

● কাছাৰ আৰক্ষীয়ে কালি কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ইয়াকে ধৰি জিলাখনত গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসকৰ সংখ্যা ১৫লৈ বৃদ্ধি হৈছে। বিগত কেইবাটাও দিনত আৰক্ষীয়ে জিলাখনত ভুৱা চিকিৎসকৰ সন্ধানত অভিযান চলাই আহিছে। এই অভিযানত আৰক্ষীয়ে কালি সোণাই থানাৰ অন্তৰ্গত নগদিগ্ৰামৰ বাসিন্দা ডাঃ ৰাজুল হক লস্কৰক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তগৰাকীয়ে নিজকে চিকিৎসক হিচাপে ভুৱা পৰিচয়েৰে বেবী হেলথ কেয়াৰ নামৰ এখন ক্লিনিক অবৈধভাৱে চলাই আহিছিল।

October 4, 2025 8:29 PM

views 34

কাছাৰৰ শিলকুৰিত সমাজ কল্যাণ বিভাগৰ অধীনত ৱৰ্কিং ৱমেন হোষ্টেলৰ আধাৰশিলা স্থাপন

কাছাৰৰ বৰখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলকুৰিত সমাজ কল্যাণ বিভাগৰ অধীনত আজি ৱৰ্কিং ৱমেন হোষ্টেল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ৮ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষ হোষ্টেলখনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, জিলা আয়ুক্ত মৃদুল যাদৱ, ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া দীপা দাসসহ আন আন বিভাগীয় ব্যক্তিসকলো উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী কৌশিক ৰায়ে কয়, যে ৱৰ্কিং ৱ'মেন হোষ্টেল নির্মাণ...

August 21, 2025 7:21 PM

views 40

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা জাৰি কৰিছে। কাছাৰ জিলা আয়ুক্ত মৃদুল যাদৱৰ নেতৃত্বত আজি অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। বাগিচাসমূহৰ কৰ্তৃপক্ষই অহা ৩১ আগষ্টৰ ভিতৰত বানছ ঘোষণা কৰিব লাগিব বুলি জিলা প্রশাসনে নির্দেশ দিছে। ঘোষিত বানছ যোৱা বছৰৰ তুলনাত কম হ'ব নোৱাৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে সভাত স্পষ্ট কৰি দিয়ে। চাহ শ্রমিকসকলে সময়মতে কোনো সমস্যা নোহোৱাকৈ বানছ লাভ কৰিবলৈ সকলো পক্ষকে একেলগে কাম কৰিবল...

August 5, 2025 11:46 AM

views 28

ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাত ভিন্ন অঞ্চল প্লাৱিত

■ বিগত ২৪ ঘণ্টাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ কেইবাটাও অঞ্চল প্লাৱিত হৈছে। শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ, নিউ শিলচৰ, সোণাই ৰোড, শ্বিলং পট্টী, অম্বিকা পট্টী, চৌৰংগী, বিবেকানন্দ ৰোডকে ধৰি কেইবাটাও এলেকা বানত বুৰ গৈছে। বতৰ প্ৰতিকুল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আজি জিলাখনৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান, প্রশিক্ষণ কেন্দ্ৰ আৰু অংগনৱাড়ী কেন্দ্রসমূহ বন্ধ ঘোষণা কৰিছে। অৱশ্যে পূৰ্বৰ নিৰ্ধাৰিত পৰীক্ষাসমূহ সময়সূচী অনুসৰিয়ে অনুষ্ঠিত হ'ব। কাছাৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ...

July 28, 2025 6:44 PM

views 19

কাছাৰ আৰক্ষীৰ অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ

অসম আৰক্ষীয়ে মাদক দ্ৰৱ্য বিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। এই টেবলেটখিনিৰ বজাৰমূল্য ৬ কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুজন লোকক আটক কৰিছে।

April 6, 2025 9:25 PM

views 30

কাছাৰ আৰক্ষীৰ নাবালিকা বিক্ৰীৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে নাবালিকাক বিক্ৰী কৰাৰ অভিযোগত ৰূপালী দত্ত নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি কাছাৰৰ গুমৰা চাহ বাগিছা অঞ্চলৰ এগৰাকী নাবালিকাক ৰাজস্থানত বিক্ৰীৰ চক্ৰান্ত কৰা হৈছিল। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত ৰূপালী দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জানিবলৈ দিয়া অনুসৰি তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পৰা ৰূপালী দত্তক গ্ৰেপ্তাৰ কৰা হৈছে। শিলচৰৰ পৰা যোৱা আৰক্ষীৰ দলে ৰূপালীক গ্ৰেপ্তাৰ কৰে।