ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বিধানসভা সমষ্টিভিত্তিক প্রতিযোগিতাসমূহ আজিৰে পৰা বৰপেটা জিলাত অনুষ্ঠিত

অসম চৰকাৰে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বিধানসভা সমষ্টিভিত্তিক প্রতিযোগিতাসমূহ আজিৰে পৰা বৰপেটা জিলাত অনুষ্ঠিত হৈছে। আজি বৰপেটা বিধানসভা সমষ্টিত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ ক্ৰীড়া বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত খনীন্দ্র দাসে এই প্রতিযোগিতা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী প্ৰবীন খেলুৱৈ উপস্থিত থাকে। ৪ দিনীয়াকৈ হবলগীয়া এই প্রতিযোগিতাত এথলেটিক্স, ডবা, কাবাড়ী আদি খেল খেলোৱা হ’ব। উল্লেখযোগ্য যে, জিলাখনত এইবাৰ খেল মহাৰণৰ বাবে ৩ লাখ ২৪ হাজাৰ গৰাকী প্ৰতিযোগীয়ে নাম পঞ্জীয়ন কৰিছে। কোকৰাঝাৰ জিলাৰ দোতমা বিধানসভা সমষ্টিৰ খেল মহাৰণৰ কাৰ্যসূচী আজি দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰম্ভ হয়। কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবীৰাম নাৰ্জাৰীয়ে আজি প্রতিযোগিতা উদ্বোধন কৰে।