ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2024 11:51 AM | Khel Moharran

printer

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশ লোৱাৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি

অসম চৰকাৰে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ সকলো শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি dsywassam.com/khel2.0 লিংকৰ জৰিয়তে বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীসকলক খেল মহাৰণ যোগদান কৰিবলৈ কোৱা হৈছে। তদুপৰি এই কাৰ্যসূচী সফল কৰিবলৈ প্ৰতিখন বিদ্যালয়ৰ একোগৰাকী নডেল শিক্ষক নিয়োগ কৰিবলৈ কোৱা হৈছে। মন কৰিবলগীয়া যে অসম চৰকাৰে ১৩ নৱেম্বৰৰ পৰা অহা বছৰৰ ২৩ জানুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ আয়োজন কৰিছে।