ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 17, 2025 10:19 AM | Sarbananda Sonowal

printer

দেশ আধুনিক সামুদ্রিক বিপ্লৱৰ দিশে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্দৰ আৰু পৰিবহণৰ বিভিন্ন মাধ্যমৰ উন্নয়নৰ লগতে মৈত্ৰীৰ লেখীয়া ডিজিটেল মঞ্চৰ সৈতে দেশ আধুনিক সামুদ্রিক বিপ্লৱৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ভাৰত-মধ্যপ্রাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীসোণোৱালে কয়, যে ভাৰত-মধ্যপ্রাচ্য ইউৰোপ অৰ্থনৈতিক ক’ৰিডৰ গোলকীয় যোগাযোগ ব্যৱস্থাৰ দিশৰ পৰা যুগান্তৰকাৰী। তেওঁ কয়, যে এই ক’ৰিডৰে স্থায়ী আৰু নিৰাপদ বাণিজ্য পথৰে ভাৰত-মধ্যপ্রাচ্য আৰু ইউৰোপৰ মাজৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহা-সাগৰ দৃষ্টিভংগীৰ অধীনত আন্তঃগাঁথনি, শক্তি আৰু তথ্যৰ সংহতিকৰণেৰে ভাৰতে গোলকীয় সামুদ্রিক শক্তিৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে, নতুন দিল্লীত অনুষ্ঠিত জি-২০ নেতাসকলৰ শীৰ্ষ সন্মিলনৰ সময়ত ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অর্থনৈতিক কৰিডৰৰ শুভাৰম্ভ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।