ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। গুজৰাটৰ বিশ্বভাডৰ আসনৰ বাবে দিনৰ ১১ বজালৈ ২৮ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগতে কাদী বিধানসভা সমষ্টিত ২৪ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। কেৰালাৰ নিলাম্বৰ বিধানসভা আসনৰ বাবে ইতিমধ্যে ৩০ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ লগতে পঞ্জাবৰ লুধিয়ানা বিধানসভা আসনখনৰ বাবে ২১ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। দিনৰ ১১ বজালৈ পশ্চিমবংগৰ কালিগঞ্জ বিধানসভা আসনখনৰ বাবে ৩১ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। অহা সোমবাৰে পাঁচোটা বিধানসভা আসনৰ ভোটগণনা কৰা হ’ব।