দেশৰ ৪৫,০০০ পুথিভঁড়াললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক গ্রন্থ প্ৰেৰণ

অসম চৰকাৰে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱনগাথা সমগ্ৰ দেশতে প্ৰচাৰৰ বাবে দেশৰ ৪৫ হাজাৰ পুথিভঁড়াললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক এখনি গ্রন্থ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই জনোৱা অনুসৰি লাচিত বৰফুকনৰ জীৱন সন্দৰ্ভত এখন গ্ৰন্থ ৰচনা কৰি ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অসম প্রকাশন পৰিষদক দায়িত্ব অর্পন কৰিছিল। সেই অনুসৰি বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তক গ্ৰন্থখন ৰচনাৰ দায়িত্ব দিয়া হয়। তেওঁ লগতে কয়, যে নিৰ্দিষ্ট সময়ৰ ভিতৰত সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ গ্ৰন্থখন অনুবাদ কৰাৰ বাবে সমগ্র দেশতে মুঠ ২৩ গৰাকী অনুবাদকক দায়িত্ব অৰ্পন কৰা হয়। এই অনুবাদ কাৰ্য্য শেষ হোৱাৰ পাছত ২৩ টা ভাষাৰ পৰা একোগৰাকীকৈ সম্পাদকক গ্ৰন্থখন সম্পাদনা কৰাৰ বাবে পৰিষদে নিযুক্তি দিছিল। লেখক অৰূপ কুমাৰ দত্তই ৰচনা কৰা আচামছ্ ব্রেভহার্ট লাচিত বৰফুকন নামৰ মূল গ্ৰন্থখনৰ পৰা মুঠ ২৪ টা ভাষালৈ ইয়াক অনুবাদ কৰা হয়। দেশৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে তেওঁলোকৰ পুথিভঁড়ালৰ গুৰুত্বপূৰ্ণ গ্ৰন্থৰ তালিকাত এই গ্ৰন্থখনো ৰখা বুলি অসম প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।