দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে মেক ইন ইণ্ডিয়া পদক্ষেপ অতি গুৰুত্বপূৰ্ণ আৰু এই পদক্ষেপে অপাৰেচন সিন্দূৰৰ সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত বিশেষ ভূমিকা পালন কৰিলে। নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰণনীতি আৰু প্ৰতিক্ৰিয়া দুয়োটাকে পুনৰ ৰূপ দিলে। এতিয়াৰে পৰা পাকিস্তানৰ সৈতে আলোচনা হ’লে কেৱল সন্ত্ৰাসবাদ আৰু পাক্ অধিকৃত কাশ্মীৰক লৈহে আলোচনা হ’ব বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয়, যে সন্ত্ৰাসবাদৰ ব্যৱসায় চলোৱাটো যে সুলভ নহয়, বৰং ইয়াৰ বাবে বৃহৎ মূল্য ভৰিব লাগিব, সেই কথা পাকিস্তানে অনুভৱ কৰিছে। শ্ৰী সিঙে সন্ত্রাসবাদৰ বিৰুদ্ধে নির্ণায়ক পদক্ষেপ গ্ৰহণ কৰাত ভাৰতৰ থলুৱা প্ৰতিৰক্ষা পদ্ধতিৰ শলাগ লয়। বৰ্তমান ভাৰতে কেৱল যুদ্ধ বিমান আৰু ক্ষেপনাস্ত্ৰ নিৰ্মাণ কৰাই নহয়, বৰং নতুন যুগৰ যুদ্ধ প্ৰযুক্তিৰ বাবেও দেশ সাজু হৈ উঠিছে বুলি শ্ৰী সিঙে মন্তব্য কৰে। মেক ইন্ ইণ্ডিয়াত দেশৰ এটা নির্ণায়ক ক্ষণ বুলি অভিহিত কৰি তেওঁ কয়, যে আভিযান্ত্ৰিক উচ্চ মানৰ উৎপাদন আৰু জাপানৰ দৰে ভৱিষ্যত প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত উন্নয়নশীল কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব পাৰিব। ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদনে ১ লাখ ৬৬ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ জৰিয়তে সৰ্বকালৰ সীমা অতিক্ৰম কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে।
Site Admin | May 29, 2025 3:25 PM | Akashvani News | Defence Minister | RAJNATH SING
দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে মেক ইন ইণ্ডিয়া পদক্ষেপ অতি গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং
