দেশৰ যুৱ সমাজ মাদকদ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হ’লেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিশ্ববিদ্যালয়সমূহৰ মাদকদ্রব্য মুক্ত শিবিৰ কাৰ্যসূচীত অংশ লৈ দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। তেওঁ এই কাৰ্যসূচীক চৰকাৰৰ নিচামুক্ত ভাৰত অভিযানৰ সৈতে অনুৰূপ বুলি উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণণে কয় যে মাদক দ্ৰব্যৰ অপব্যৱহাৰ হৈছে এটা সামাজিক প্ৰত্যাহ্বান আৰু ই জনস্বাস্থ্যৰ প্ৰতি উদ্বেগজনক তথা দেশৰ জনসংখ্যাৰ বিভাজনৰ প্ৰতি ভাবুকিস্বৰূপ। মাদক দ্ৰব্যৰ পৰা সকলোৱে নিজকে আঁতৰাই ৰখাটো অতি প্রয়োজন বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু মাদক দ্রব্য ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মাদক দ্রব্যই মানুহৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যৰ ক্ষতি কৰে বুলিও শ্ৰীৰাধাকৃষ্ণণে উল্লেখ কৰে।
Site Admin | January 13, 2026 6:08 PM | Akashvani | Akashvani News | CP Radhakrishnan | VP India
দেশৰ যুৱ সমাজ মাদকদ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হ’লেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব: উপ-ৰাষ্ট্ৰপতি