January 14, 2026 11:46 AM | Bihu

printer

দেশৰ বিভিন্ন প্ৰান্তত শস্য চপোৱাৰ উৎসৱ, মকৰ সংক্ৰান্তি পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি শস্য চপোৱাৰ উৎসৱ, মকৰ সংক্ৰান্তি পালন কৰা হৈছে। মকৰ সংক্রান্তি শীত ঋতুৰ সমাপ্তি আৰু দীঘলীয়া দিনৰ আৰম্ভণিৰ প্ৰতিক। দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন নামেৰে এই উৎসৱ পালন কৰা হয়। অসমত ভোগালী বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পশ্চিমবংগত পৌষ সংক্রান্তি হিচাপে এই উৎসৱ পালন কৰা হয়।
অসমতো আজি বাপতি সাহোন ভোগালী বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীর্বাদ লয়। সম্প্রীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভোগালী বিহু উপলক্ষে আজি জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। মেজিৰ উত্তাপে সমাজৰ সকলো অশুভ শক্তি নাশ কৰিব বুলি তেওঁ কামনা কৰে।
তামিলনাডুত মাৰ্গজী মাহৰ অন্তিম দিনৰূপে উদযাপিত ভোগী পৰ্ব উলহ-মালহেৰে পালন কৰা হয়। পৰম্পৰা অনুসৰি লোকসকলে ঘৰখনৰ পুৰণি সামগ্ৰীবোৰ উলিয়াই সেইসমূহ আহুতি দিয়াৰ লগতে সকলোৱে নিজৰ ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি ৰঙেৰে সজাই তোলে। তেলেংগানাতো মকৰ সংক্ৰান্তিৰ তিনিদিনীয়া উৎসৱৰ আজি ভোগী উদযাপনেৰে আৰম্ভ হৈছে। ইপিনে হায়দাবাদত উৎসৱৰ এই বতৰত ৰং-বিৰঙী চিলাই পৰিৱেশ অধিক ৰঙীন কৰি তুলিছে। ২০ খন ৰাষ্ট্ৰৰ অংশগ্রহণেৰে চেকেণ্ডাৰাবাদৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত তেলেংগানা আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱক লৈ অঞ্চলটোত এতিয়া উখল-মাখল পৰিৱেশ।