January 14, 2026 11:46 AM

views 34

দেশৰ বিভিন্ন প্ৰান্তত শস্য চপোৱাৰ উৎসৱ, মকৰ সংক্ৰান্তি পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি শস্য চপোৱাৰ উৎসৱ, মকৰ সংক্ৰান্তি পালন কৰা হৈছে। মকৰ সংক্রান্তি শীত ঋতুৰ সমাপ্তি আৰু দীঘলীয়া দিনৰ আৰম্ভণিৰ প্ৰতিক। দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন নামেৰে এই উৎসৱ পালন কৰা হয়। অসমত ভোগালী বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পশ্চিমবংগত পৌষ সংক্রান্তি হিচাপে এই উৎসৱ পালন কৰা হয়। অসমতো আজি বাপতি সাহোন ভোগালী বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ই...

January 13, 2026 5:28 PM

views 77

আজি ভোগালী বিহুৰ উৰুকা

ভোগালী বিহুৰ উৰুকা উপলক্ষ্যে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। পুঁৱাৰে পৰা বজাৰসমূহত গ্রাহকে ভিৰ কৰা দেখা গৈছে। হেঁপাহৰ ভোগালী বিহুৰ বাবে প্ৰায়বোৰ ঠাইতে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। সকলোৱে মিলি উৰুকাৰ ভোজ-ভাতৰো আয়োজন কৰিছে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল শ্রীলক্ষ্মণ প্ৰসাদ আচাৰ্য্যই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ ...

April 21, 2025 7:41 PM

views 35

বৰপেটা সত্ৰৰ ব’হাগ বিহুৰ আজি সামৰণি

সত্ৰকেন্দ্ৰিক ৰীতি-নীতিৰে উদযাপন কৰা বৰপেটা সত্ৰৰ ব'হাগ বিহুৰ আজি সামৰণি পৰে। এই উপলক্ষে আজি পৰম্পৰাগতভাৱে সত্ৰৰ কৰাপাট অর্থাৎ বাটচ'ৰাৰ বাহিৰত থিয়নাম অনুষ্ঠিত হয়। বৰপেটা সত্ৰৰ তিনিখন হাটীৰ অন্তৰ্গত ভকতসকলে থিয়নাম পৰিৱেশন কৰি বৈহাগৰ দহী হিচাপে পৰিচিত ব'হাগ বিহু আনুষ্ঠানিকভাৱে বিদায় দিয়ে। উল্লেখযোগ্য যে চ'তৰ শেষ দিনটোৰ পৰা ব'হাগৰ ছদিনলৈ বৰপেটা সত্ৰত ব'হাগ বিহু পালন কৰা হয়। সত্ৰৰ থুল তিনিহাটীৰ লগত সংগতি ৰাখি সাত ব'হাগত তিনিখন নামথলীত থিয়নাম পৰিৱেশন কৰা হয়। আজি সেৱা জনাবলৈ সমবেত হোৱা ভকতসকলে...

May 11, 2024 7:59 PM

views 32

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত কালিৰে পৰা ৩দিনীয়াকৈ ফাট বিহুৰ অনুষ্ঠিত

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি দ্বিতীয় দিনাও বিহুতলিত উখল মাখল পৰিবেশে বিৰাজ কৰে। ঢোল, পেঁপা, গগনাৰ মাতেৰে ফাট বিহুতলি মুখৰ হৈ উঠিছে। সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা এই বিহুৰ আজি দ্বিতীয় দিনা বর্ণিল কার্যসূচী ৰূপায়ণ কৰা হয়। কপৌ ফুল আৰু গছপুলি ৰোপণেৰে আজি ফাট বিহুৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে গামোচা প্ৰতিযোগিতা, হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি ফাট বিহুৰ বছৰেকীয়া স্মৰণিকা বিহুৱান আজি উন্মোচন কৰা হয়।...

May 6, 2024 1:25 PM

views 63

১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত ফাট বিহু উদযাপন

♦লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত অৱস্থিত ম’হঘুলি চাপৰিৰ বাকৰিত ভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলীত অহা ১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাট বিহু উদযাপন কৰা হ'ব। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন, মঞ্চ মুকলি, দুপৰীয়া টকা বিহু প্রতিযোগিতা অনুষ্ঠিত কৰা হ'ব। দ্বিতীয় দিনা পুৱা বিহু দলসমূহক আদৰণি, পূর্ণবয়ষ্ক হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অন্তিম দিনা দিনৰ এক বজাত বর্ণাঢ্য সংস্কৃতিক শোভাযাত্রা, মুকলি বিহু প্রতিযোগিতা, মুকলি সভা অনুষ্ঠিত হ'ব। শোভা...

April 5, 2024 1:26 PM

views 26

ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি

◊ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত আৰু মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে। হোজাইৰ দক্ষিণ কেন্দুগুৰি বৰনামঘৰৰ খেলপথাৰত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সংঘৰ সৌজন্যত ৮ দিনীয়া কাৰ্যসূচীৰে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। টীয়কৰ ঔগুৰি খেলপথাৰতো ১০ দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাজ্যৰ কেইবাগৰাকীও অভিজ্ঞ প্...

April 3, 2024 8:27 PM

views 48

ৰাজ্যজুৰি বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত

♦ অসমবাসীৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে বিহুৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাও অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিহুৰ আখৰা চলি আছে। তদুপৰি মঞ্চবিহু উদযাপনৰ বাবে বিভিন্ন ঠাইত আয়োজক সমিতিসমূহে প্রস্তুতি চলাইছে। মৰিগাঁও জিলাৰ জাগীৰোডত এইবেলিও বিহুনাচ আৰু ঢোলবাদনৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। এই কর্মশালাত অর্ধ শতাধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে অংশ ...