■ দেশৰ বিভিন্ন অংশত আজি প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবার্ষিকী পালন কৰা হৈছে। ১৮৮৪ চনত বিহাৰৰ জিৰাদেইত জন্মগ্ৰহণ কৰা ৰাজেন্দ্ৰ প্ৰসাদে দেশৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৬২ চনৰ ১৩ মে’লৈ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল।
ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে জন্মবার্ষিকী উপলক্ষে ৰাজেন্দ্ৰ প্ৰসাদলৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জন্মবার্ষিকী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিলৈ পুষ্পার্ঘ্য নিবেদন কৰে।
উপ-ৰাষ্ট্ৰপতি ড° চি পি ৰাধাকৃষ্ণণে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাজেন্দ্ৰ প্ৰসাদক মহান স্বাধীনতা সংগ্রামী ৰূপে স্মৰণ কৰে। তেওঁ কয়, যে প্রয়াত প্রসাদে সংবিধান সভাৰ সভাপতি হিচাপে নিজৰ বুদ্ধিমত্তাৰে সংবিধানৰ খচৰা প্ৰস্তুত কৰা পথ প্ৰদৰ্শন কৰিছিল। ড° প্ৰসাদৰ সৰলতা, সততা আৰু গণতান্ত্ৰিক প্ৰমূল্যৰাজিৰ প্ৰতি জীৱনজোৰা প্ৰতিশ্ৰুতিবদ্ধতাই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বার্ষিকী উপলক্ষে দিয়া এটা বার্তাত কয়, যে স্বাধীনতা সংগ্রামত সক্রিয়ভাৱে অংশগ্ৰহণ কৰা আৰু সংবিধানসভাৰ সভাপতিত্বৰ দায়িত্ব পালন কৰাৰ পৰা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে ড° প্ৰসাদে অভূতপূর্ব মর্যাদা, উৎসৰ্গা আৰু স্পষ্ট উদ্দেশ্যৰে ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়াই থৈ গৈছে। সৰলতা আৰু সাহসৰ বাবে দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিক প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয়, যে তেওঁৰ সেৱা আৰু দৃষ্টিভংগীয়ে অনাগত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব।
Site Admin | December 3, 2025 3:54 PM | Akashvani | Akashvani News | Dr. Rajendra Prasad | President of india
দেশৰ বিভিন্ন অংশত ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবার্ষিকী পালন