দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ’ব। এন ডি এ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই মিত্রজোটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা হ’ব। সাংবিধানিক ব্যৱস্থা অনুযায়ী লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক লৈ গঠিত ভোটদাতা মণ্ডলীয়ে সমানুপাতিক প্রতিনিধিত্বৰ আধাৰত উপৰাষ্ট্ৰপতি পদৰ বাবে গোপন বেলটৰ যোগেৰে ভোটদান কৰে। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা হৈছে ৫৪২ আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৩৯। সেই অনুসৰি দুয়োখন সদনৰ মুঠ ৭৮১ গৰাকী সদস্যৰ ভিতৰত ৩৯১ গৰাকীৰ ভোট লাভ কৰা প্ৰাৰ্থীজন বিজয়ী হ’ব। উল্লেখযোগ্য যে পূৰ্বৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে যোৱা জুলাই মাহত পদত্যাগ কৰাৰ ফলত এই নিৰ্বাচনৰ প্রয়োজন হৈছে।
Site Admin | September 8, 2025 9:15 PM | Akashvani News | Election | Vice President
দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন
