ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ নিৰ্বাচন আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান

■ ভাৰতৰ নিৰ্বাচন আয়োগে আজি জনাইছে যে, আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান আৰু কোনো ভেদাভেদহীনভাৱে প্ৰতিটো দলকে একেদৰে গুৰুত্ব প্ৰদান কৰে। নতুন দিল্লীত আজি বিয়লি এখন সংবাদমেল সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আয়োগে সাংবিধানিক দায়িত্বৰ পৰা কেতিয়াও পিচ পৰি নৰয়। তেওঁ লগতে এজন ব্যক্তিয়ে দুবাৰকৈ ভোটদান কৰাৰ অভিযোগ খণ্ডন কৰি তেওঁ ইয়াৰ প্ৰমাণ বিচাৰে যদিও উপস্থিত লোকসকলৰ সকলোবোৰ নিস্তব্ধ হৈ থাকে। আয়ুক্তজনে লগতে জানিবলৈ দিয়ে, যে নির্বাচন আয়োগে কোনো বৈষম্য অবিহনে সকলো শ্ৰেণী আৰু ধৰ্ম, ধনী-দুখীয়া, বয়োজ্যেস্থ, মহিলা আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি ভোটদাতাসকলক সামৰি লৈছে। তেওঁ লগতে স্বচ্ছ নিকা ব্যৱস্থাৰ মাজত ভোট চুৰিৰ কোনো ধৰণৰ কাৰ্য্য সমাপণ হ’ব নোৱাৰে বুলিও দৃঢ়তাৰে জনায়। তেওঁ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ ভুল-ত্রুটিসমূহক আঙুলিয়াই দি সেইসমূহ শুধৰাবলৈও নির্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোটদাতাসকল আৰু ৰাজনৈতিক দলসমূহে ভুলসমূহ শুধৰাই লোৱা বুলিও তেওঁ সাংবাদিকসকলক জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে বিহাৰৰ সাত কোটি ভোটদাতাই আয়োগক সমর্থন আগবঢ়াই থকাৰ সময়ত আয়োগৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰাটো অৰ্থহীন।